‘কিণ্ডাৰগাৰ্টেন’ খেল-ধেমালিৰে শিশুক আনুষ্ঠানিক শিক্ষাৰ বাবে প্ৰস্তুত কৰা এটা পদ্ধতি। জাতীয় শিক্ষা সংসদৰ অনুজ্ঞাপ্ৰাপ্ত অনুষ্ঠানসমূহে ‘কিণ্ডাৰগাৰ্টেন’ প্ৰণালীৰে খেল-ধেমালি, চিত্ৰাংকন, চাৰুকলা, গীতমাত-সাধুকথাৰ মাজেৰে বৰ্ণজ্ঞান, শব্দজ্ঞান, ভাষাজ্ঞানৰ উপৰি বয়সোপযোগী  নীতিশিক্ষা, ঐতিহ্য-কীৰ্তিচিহ্ন আদিৰ জৰিয়তে শিশুক আনুষ্ঠানিক শিক্ষাৰ বাবে প্ৰস্তুত কৰি তোলাৰ প্ৰয়াস কৰিব। আকৰ্ষণীয় সা-সৰঞ্জাম আৰু প্ৰযুক্তি-কৌশলৰ ব্যৱহাৰ কৰা হ’ব।

শিশুৱে শুনি শিকে, দেখি শিকে আৰু লিখি শিকে। শ্ৰৱণ, কথন, পঠন আৰু লিখনৰ মজবুত ভেটি নিৰ্মাণৰ উদ্দেশ্যৰে এলানি শিশুকেন্দ্ৰিক, আনন্দদায়ক আৰু অৰ্হতাভিত্তিক পৰীক্ষামূলক পাঠ্যপুথি প্ৰকল্প সহযোগী পাচখন শিশুবিদ্যালয়ত ব্যৱহাৰৰ বাবে ইতিমধ্যে যুগুতাই উলিওৱা হৈছে। লাভ কৰা অভিজ্ঞতা আৰু উপদেশৰ ভিত্তিত প্ৰয়োজনীয় শুধৰণী সহ প্ৰথম সংস্কৰণ প্ৰকাশ কৰা হ’ব।