বিশেষজ্ঞ মণ্ডলীৰ তত্বাবধানত সংসদে পৰীক্ষামূলক পাঠ্যপুথি যুগুতাইছে।
শিশুৱে শুনি শিকে, দেখি শিকে আৰু লিখি শিকে। বৰ্ণমালা আৰু সংখ্যা শিকিব। শাৰীৰিক, মানসিক আৰু সামাজিক দক্ষতাসমূহ বিকাশ হ'ব। ক্ৰমে শব্দজ্ঞান বাঢ়িব, সংগঠিত ৰূপত পঢ়িব আৰু লিখিবলৈ আৰু যোগ-বিয়োগ শিকিব।
শ্ৰৱণ, কথন, পঠন আৰু লিখনৰ মজবুত ভেটি নিৰ্মাণৰ উদ্দেশ্যৰে এলানি শিশুকেন্দ্ৰিক, আনন্দদায়ক আৰু অৰ্হতাভিত্তিক পৰীক্ষামূলক পাঠ্যপুথি প্ৰকল্প সহযোগী পাঁচখন শিশুবিদ্যালয়ত ব্যৱহাৰৰ বাবে ইতিমধ্যে যুগুতাই উলিওৱা হৈছে। লাভ কৰা অভিজ্ঞতা আৰু উপদেশৰ ভিত্তিত প্ৰয়োজনীয় শুধৰণী সহ প্ৰথম সংস্কৰণ প্ৰকাশ কৰা হ’ব।