মাতৃ বা প্ৰথম ভাষাত শিশুৱে বর্ণজ্ঞান আৰু সাক্ষৰতা আহৰণ কৰি ল’লে ইংৰাজীকে ধৰি আন যি কোনো এটা ভাষাৰেও সময়ত জ্ঞান আহৰণ কৰা সহজ হৈ পৰে।

ইউনেস্কোৱে মাতৃভাষাত প্ৰাথমিক শিক্ষাৰ পোষকতা কৰে কাৰণ মাতৃ (প্ৰথম) ভাষাটোহে শিশু শিক্ষাৰ আটাইতকৈ উৎকৃষ্ট মাধ্যম।

আদি ভাগত সাহিত্য আৰু গণিতত ব্যুৎপত্তিৰ বাবে মাতৃভাষাত শিকাটো অপৰিহাৰ্য। এইক্ষেত্ৰত মাক-দেউতাক আৰু পৰিয়ালৰ ভূমিকা অসীম।

ইংৰাজীত শিশু শিক্ষাই ঋণাত্মক প্ৰভাৱ পেলাৱ পাৰে। পৰিয়াল-সম্প্ৰদায়ৰে সম্পৰ্কত ব্যাঘাত তথা নিজা সভ্যতা-সংস্কৃতি সম্বন্ধে অজ্ঞতা ইয়াৰ কুফল।

পিতৃ-মাতৃয়েই শিশুৰ স্থায়ী শিক্ষক, শিশুৰ জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ ব্যক্তি, প্ৰথম শিক্ষক। https://publications.parliament.uk/pa/cm200001/cmselect/cmeduemp/33/3304.htm

অনানুষ্ঠানিক শিক্ষা যেনে পৰিয়ালৰ সৈতে হোৱা যোগাযোগে সাহিত্য, গণিত আৰু শৈক্ষিক বুৎপত্তি আহৰণত অতি যোগাত্মক প্ৰভাৱ পেলায়।

অসম সাহিত্য সভাৰ জাতীয় আদৰ্শ শিক্ষা সংসদৰ অধীনত বাস্তৱমুখী শিক্ষা প্ৰদানাৰ্থে ‘অসম আদৰ্শ বিদ্যালয়’ প্ৰকল্পৰ জৰিয়তে মাতৃভাষা অসমীয়া মাধ্যমত ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ আধাৰত বুনিয়াদী (Foundational) স্তৰৰ পৰা পৰ্যায় ক্ৰমে উচ্চ পৰ্যায়লৈ এলানি ‘অসম আদৰ্শ বিদ্যালয়’ স্থাপন কৰিবলৈ পৰিকল্পনা কৰিছে। ইতিমধ্যে ২০২০ চনত অসমৰ কেইবাখনো ঠাইত জাতীয় আদৰ্শ শিক্ষা সংসদৰ পঞ্জীয়নত ৩-৫ বছৰীয়া শিশুৰ বাবে পৰীক্ষামূলক ভিত্তিত আদৰ্শ বিদ্যালয় স্থাপিত হৈছে আৰু শিক্ষাদান প্ৰক্ৰিয়া চলি আছে। এই অভিজ্ঞতাৰ ভিত্তিত ২০২১ শিক্ষা বৰ্ষত সংসদে এশখনৰো অধিক ৰাষ্ট্ৰীয় শিক্ষা নীতি অনুসৰি প্ৰাক-বিদ্যালয় (preschool) স্থাপনৰ বাবে পঞ্জীয়ন প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। প্ৰয়োজনীয় সামৰ্থ্য সাপেক্ষে প্ৰথম আৰু দ্বিতীয় শ্ৰেণীৰ বাবেও পঞ্জীয়ন বিবেচনা কৰা হ’ব। ইতিমধ্যে পঞ্জীয়ন প্ৰক্ৰিয়া আৰম্ভ হৈছে। ইচ্ছুক ব্যক্তি, ব্যৱসায়িক আৰু সমাজসেৱী অনুষ্ঠান-প্ৰতিষ্ঠানে সংসদৰ ৱেবচাইট https://shikshasansad.org যোগে অথবা ৰাণা বশিষ্ঠ (ভ্ৰাম্যভাষ নম্বৰ ৯৮৫৪০৫৫৬৪৭), সচিব, জাতীয় আদৰ্শ শিক্ষা সংসদ ,প্ৰশান্ত বিশ্ব শৰ্মা স্মাৰক ভৱন ,অসম সাহিত্য সভা, গুৱাহাটী- ৭৮১০০১ ঠিকনাত যোগায়োগ কৰি সবিশেষ আৰু পঞ্জীয়ন প্ৰপত্ৰ সংগ্ৰহ কৰিব পাৰে। নিৰ্দিষ্ট প্ৰপত্ৰত আবেদন দাখিলৰ সীমা ৩০ অক্টোবৰ ২০২০।






    [dynamictext* your-subject “CF7_get_post_var key=’title'”]


    জাতীয় আদৰ্শ শিক্ষা সংসদ অসম সাহিত্য সভাৰ পৃষ্ঠপোষকতাত গঠিত এক স্বতন্ত্ৰ ন্যাস। মাতৃভাষাত শিশু শিক্ষাৰ সম্প্ৰসাৰণ ন্যাসৰ প্ৰাথমিক উদ্দেশ্য।
    Asom Jatiya Shiksha Sansad is an independent trust under the auspices of Asom Sahitya Sabha. Spread of quality children education in mother tongue is its primary objective.

    ন্যাসৰক্ষী
    ডঃ পৰমানন্দ ৰাজবংশী (অধ্যক্ষ)
    ডঃ জয়ন্ত বিশ্ব শৰ্মা (উপাধ্যক্ষ)
    পদুম ৰাজখোৱা (উপাধ্যক্ষ)
    ৰাণা বশিষ্ঠ (সচিব)
    নিমাই দাস (কোষাধ্যক্ষ)
    ডঃ কুলধৰ শকীয়া, সভাপতি, অসম সাহিত্য সভা, ২০২০-২২ বৰ্ষ (পদেন সদস্য)
    যাদৱ শৰ্মা, প্ৰধান সম্পাদক, অসম সাহিত্য সভা, ২০২০-২২ বৰ্ষ (পদেন সদস্য)

    জাতীয় আদৰ্শ শিক্ষা সংসদে ২০২০ চনত প্ৰকল্প ভিত্তিক পাঁচখন আদৰ্শ শিশুবিদ্যালয় স্থাপনৰ বাবে অনুমোদন জনাইছে। এইকেইখন শিশুবিদ্যালয় ইতিমধ্যে আশানুৰূপ ৰূপত আৰম্ভ হৈছে। সংসদে পাঠ্যক্ৰম আৰু আৰু পৰীক্ষামূলক পাঠ্যপুথি যুগুতাই উলিয়াইছে। প্ৰকল্প ভিত্তিক শিশুবিদ্যালয়কেইখনৰ অভিজ্ঞতাৰ ভিত্তিত ২০২১ চনত সংসদে সমগ্ৰ অসমত এলানি পূৰ্ণাংগ শিশুবিদ্যালয় স্থাপনৰ বাবে অনুমতি প্ৰদান কৰিব। পাঠ্যপুথি প্ৰণয়নকে ধৰি সমগ্ৰ ব্যৱস্থাপনা সম্পূৰ্ণ ৰূপ গঢ়ি তুলিবলৈ পূৰ্ণগতিত প্ৰচেষ্টা চলিছে।

    সংসদৰ অনুজ্ঞাপ্ৰাপ্ত অনুষ্ঠানসমূহে কিণ্ডাৰগাৰ্টেন প্ৰণালীৰে খেল-ধেমালি, চিত্ৰাংকণ, চাৰুকলা, গীত-মাত-সাধুকথাৰে বৰ্ণ, শব্দ আৰু ভাষা জ্ঞানৰ উপৰি নীতিশিক্ষা, ঐতিহ্য-কীৰ্তি-চিহ্ন আদিৰ শিক্ষাৰে শিশুক প্ৰাথমিক শিক্ষাৰ বাবে প্ৰস্তুত কৰি তোলাৰ প্ৰয়াস কৰিব। আকৰ্ষণীয় সৰঞ্জাম আৰু প্ৰযুক্তি-কৌশল ব্যৱহাৰ কৰা হ’ব।

    বিশেষজ্ঞ মণ্ডলীৰ তত্বাবধানত সংসদে পৰীক্ষামূলক পাঠ্যপুথি যুগুতাইছে।

    শিশুৱে শুনি শিকে, দেখি শিকে আৰু লিখি শিকে। বৰ্ণমালা আৰু সংখ্যা শিকিব। শাৰীৰিক, মানসিক আৰু সামাজিক দক্ষতাসমূহ বিকাশ হ’ব। ক্ৰমে শব্দজ্ঞান বাঢ়িব, সংগঠিত ৰূপত পঢ়িব আৰু লিখিবলৈ আৰু যোগ-বিয়োগ শিকিব।

    শ্ৰৱণ, কথন, পঠন আৰু লিখনৰ মজবুত ভেটি নিৰ্মাণৰ উদ্দেশ্যৰে এলানি শিশুকেন্দ্ৰিক, আনন্দদায়ক আৰু অৰ্হতাভিত্তিক পৰীক্ষামূলক পাঠ্যপুথি প্ৰকল্প সহযোগী পাঁচখন শিশুবিদ্যালয়ত ব্যৱহাৰৰ বাবে ইতিমধ্যে যুগুতাই উলিওৱা হৈছে। লাভ কৰা অভিজ্ঞতা আৰু উপদেশৰ ভিত্তিত প্ৰয়োজনীয় শুধৰণী সহ প্ৰথম সংস্কৰণ প্ৰকাশ কৰা হ’ব।

    শিক্ষকসকলৰ বাবে শিশু শিক্ষা বিধিৰ আনুষ্ঠানিক অৰ্হতা বাঞ্ছনীয় হ’ব। শিক্ষকৰ সহায়কাৰীসকলৰো প্ৰয়োজনীয় মানদণ্ড লাগিব।

    বিকাশৰ লক্ষ্য নিৰ্ধাৰণ কৰি সেই লক্ষ্যপ্ৰাপ্তিৰ বাবে প্ৰতিজন শিশুৰ নিজস্ব প্ৰয়োজনীয়তা সাপেক্ষে উপযুক্ত পৰিকল্পনা কৰিবলৈ শিক্ষকসকল সচেতন হ’ব।

    চৌহদৰ বেৰ, অগ্নিনিৰ্বাপণ, প্ৰাথমিক স্বাস্থ্য-সেৱা আৰু শিশু-নিৰাপত্তা সম্পৰ্কীয় সকলো ব্যৱস্থা নিশ্চিত কৰিব লাগিব। আদৰ্শ বিদ্যালয়ে The National Commission for the Protection of Child Rightsৰ নিৰ্দেশাৱলী মানি চলিব। বিদ্যালয়খন চৰকাৰী কৰ্তৃপক্ষৰ সৈতে পঞ্জীয়ন কৰাব লাগিব।