শিশুৱে অনানুষ্ঠানিক শিক্ষা নিজ মাতৃভাষাত আৰম্ভ কৰাটো এটা বিলাস নহয়। ই হ’ল এক চৰ্তশূন্য অধিকাৰ। এই গোলকীকৰণৰ পৃথিৱীত য’ত দক্ষ কথকৰ অভাৱত ভাষাবোৰ মৰিব ধৰিছে বা স্পন্দনশীলতাৰ গুণ হেৰুৱাইছে, তেনেক্ষেত্ৰত ই অতিশয় আৱশ্যকীয়—যদি বিশেষ কোনো এটা ভাষা সমৃদ্ধিশালী হ’ব লাগে। এটা ভাষা কেতিয়াও নমৰে, যদি দেশীয় ভাষাত কথাকোৱা মানুহৰ সংখ্যা এটা সংকটপূৰ্ণ সংখ্যাতকৈ হ্ৰাস নহয়।

অনিয়ন্ত্ৰিত হাৰত অসমীয়া ভাষা কোৱা মানুহৰ সংখ্যা কমি যোৱা নাই। অসমীয়া ভাষা বিপদাপন্ন হোৱা নাই যদিও নতুন পুৰুষক অসমীয়া ভাষা কোৱা আৰু লেখাৰ ক্ষেত্ৰত যেতিয়ালৈকে দক্ষ কৰি ৰাখিব নোৱাৰো, অসমীয়া ভাষা নিশ্চয়কৈ নিঃস্ব ভাষা হৈ পৰিব। তথাপিও দুঃখজনকভাৱে বহু ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত প্ৰাথমিক পৰ্যায়ত অসমীয়া ভাষা শিকোৱা নহয়, লাগিলে সি অনানুষ্ঠানিক শিক্ষাকেন্দ্ৰই হওক বা প্ৰাথমিক অথবা মাধ্যমিক শিক্ষাই হওক। কাঠফুলাৰ দৰে গঢ়ি উঠা ব্যক্তিগত খণ্ডৰ অনানুষ্ঠানিক স্কুলবোৰত ২/৩ বছৰীয়া কণ কণ ছাত্ৰ-ছাত্ৰীসকলক মাতৃভাষাৰ ঠাইত ইংৰাজী ভাষাটো জোৰকৈ মগজুত সুমুৱাই দিয়া ব্যৱস্থাটো সঁচাকৈয়ে দুঃখজনক।

ভাষাটোৰ সংবৰ্ধনৰ কাৰণে কাৰ্যকৰী ব্যৱস্থা লোৱাটো প্ৰয়োজনীয় হৈ পৰিছে আৰু সেয়ে এই অনানুষ্ঠানিক শিক্ষা ব্যৱস্থাৰ প্ৰকল্প প্ৰতিবেদন প্ৰস্তুত কৰা হৈছে।

সম্প্ৰতি পিতৃ-মাতৃসকলক এই ধাৰণা দিয়া হৈছে যে, কোমল বয়সৰ পৰাই ইংৰাজী মাধ্যমত শিক্ষা ল’লেহে সিহঁতৰ জীৱনলৈ কৃতকাৰ্যতা আহিব। কিন্তু এই ধাৰণা সম্পূৰ্ণ অবৈজ্ঞানিক। ইংৰাজী মাধ্যমৰ বিৰুদ্ধে কাৰ্যকৰী আন্দোলনৰ ই হ’ব এক বিকল্প।

দ্বিতীয়তে, চাবলগীয়া কথাটো হ’ল এই অনানুষ্ঠানিক শিক্ষা-প্ৰতিষ্ঠানবোৰে বিশেষ অধিকাৰ লাভ কৰে এটা ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা, যিয়ে প্ৰতীক আৰু আদৰ্শ আদি দান কৰে। প্ৰায় সকলোবোৰ খোলা স্কুল এই আদৰ্শতেই চলে। অভিভাৱকসকলে অতি উচ্চ হাৰত মাচুল দিয়াৰ লগতে কিতাপ-পত্ৰ, পোছাক আদি যথেষ্ট দাম দি কিনিব লগা হয়। চুক্তিৰ সহায়ত ব্যৱসায়ী প্ৰতিষ্ঠানৰ অধিকাৰী আৰু অধিকাৰ গ্ৰহণ কৰোঁতাৰ মাজত লাভাংশৰ ভাগ হয়।

মাতৃভাষাত শিশুশিক্ষা প্ৰদানৰ এক বলিষ্ঠ পদক্ষেপ

অসম সাহিত্য সভাই সৌহাৰ্দৰে ব্যক্তিগত মালিকানাধীন শিক্ষা প্ৰতিষ্ঠানসমূহৰ সৈতে প্ৰতিযোগিতা কৰি একেধৰণৰ ব্যৱস্থাপনাৰে অনানুষ্ঠানিক শিক্ষা খণ্ডত কাৰ্যপন্থা গ্ৰহণ কৰিবলৈ মনস্থ কৰে। পাৰ্থক্যটো হ’ব শিক্ষা ব্যৱস্থাৰ প্ৰাথমিক পৰ্যায়ত অসমীয়া আৰু মাধ্যমিক পৰ্যায়ৰ পৰা অসমীয়া প্ৰথম, ইংৰাজী দ্বিতীয় আৰু হিন্দীক তৃতীয় ভাষা হিচাপে শিকোঁৱা হ’ব। অসমৰ জনজাতীয় ভাষাও শিকোঁৱা হ’ব। ইয়াৰ বাহিৰেও লাভৰ কাৰণে নহয়, কেৱল প্ৰতিষ্ঠান চলাৰ জোখাৰেহে ধন সংগ্ৰহ কৰিব। অসম সাহিত্য সভাৰ বুঢ়ীদিহিং-বৰডুমছা অধিবেশনৰ দায়িত্ব গ্ৰহণ কৰিয়েই ড০ পৰমানন্দ ৰাজবংশীয়ে প্ৰত্যেকখন ৰাজহুৱা সভা, সভাৰ প্ৰায়বোৰ কৰ্ণধাৰ আৰু কাৰ্যনিৰ্বাহকত সভাৰ পৃষ্ঠপোষকতাত স্বতন্ত্ৰ ন্যাসৰক্ষীৰ জৰিয়তে এক “জাতীয় আদৰ্শ শিক্ষা সংসদ” গঠনৰ বাবে প্ৰস্তাৱ উত্থাপন কৰে আৰু ১ ফেব্ৰুৱাৰী, ২০১৯ তাৰিখত অনুষ্ঠিত ৰহা অধিবেশনৰ প্ৰতিনিধি সভাত উক্ত প্ৰস্তাৱ অনুমোদন কৰা হয়। লণ্ডনস্থিত ডাঃ জয়ন্ত বিশ্ব শৰ্মাই এই ক্ষেত্ৰত সহায়-সহযোগিতা আগবঢ়োৱাৰ লগতে অগ্ৰনী ভুমিকা লয়। ইতিমধ্যে জাতীয় আদৰ্শ শিক্ষা সংসদ নিধি আৰু ইয়াৰ অধীনত উপসমিতিসমূহ গঠন হৈছে। পৰিশেষত প্ৰয়াত প্ৰশান্ত বিশ্ব শৰ্মাৰ পৰিয়ালৰ পৃষ্ঠপোষকতাত গঢ়ি উঠা প্ৰশান্ত বিশ্ব শৰ্মা স্মৃতি ভৱনত শিক্ষা সংসদ প্ৰকল্পৰ কাৰ্যলয়ৰ কোঠা আৱন্টন হ’ল। ইতিমধ্যে ২০১৯ চনত গুৱাহাটী আৰু যোৰহাটৰ সভাৰ কাৰ্যলয়ত বিভিন্ন শিক্ষাবিদ, বিভিন্ন শিক্ষক সন্থাৰ সৈতে হোৱা আলোচনা মৰ্মে প্ৰথমখন “অসম আদৰ্শ বিদ্যালয়”যোৰহাটত শিক্ষা সংসদে অনুমোদন জনায়। সভাৰ কেন্দ্ৰীয় কাৰ্য্যলয় যোৰহাটৰ পৰা সভাপতি ডাঙৰীয়াই আনুষ্ঠানিক সংবাদমেলৰ জৰিয়তে সভাৰ এই স্থায়ী প্ৰকল্পৰ কথা ঘোষণা কৰে। সৰ্বমুঠ ছয়খন আদৰ্শ বিদ্যালয় ২০২০ চনত অনুমোদন দিয়া আৰু পৰীক্ষামূলকভাৱে আৰম্ভ কৰা হয়। অসম সাহিত্য সভাৰ শুৱালকুছি অধিবেশনৰ প্ৰতিনিধি সভাই (১ ফেব্ৰুৱাৰী ২০২০) এই জাতীয় আদৰ্শ বিদ্যালয় প্ৰকল্পৰ প্ৰতি আনুষ্ঠানিক অনুমোদন জনায়। সভাৰ সংবিধান যিহেতু পাঁছবছৰৰ মূৰতহে সংশোধন হ’ব সেয়ে সংশোধিত সংবিধানৰত অসম তত্ব গবেষণা সংস্থান, অনুবাদ প্ৰকল্পৰ দৰে স্বতন্ত্ৰ সংসদ হিচাপে স্থান পাব।

উল্লেখযোগ্য মাইলৰ খুটি

১০,১১ নৱেম্বৰ, ২০১৮

৬ ছেপ্তেম্বৰ ২০১৮ তাৰিখৰ কৰ্ণধাৰ সমিতিৰ প্ৰস্তাৱ মৰ্মে ১০,১১ নৱেম্বৰ, ২০১৮ তাৰিখে লক্ষীমপুৰ মহাবিদ্যালয় প্ৰেক্ষাগৃহত মাননীয় সভাপতি ড০ পৰমানন্দ ৰাজবংশীদেৱৰ সভাপতিত্বত বহা তৃতীয় পূৰ্ণাংগ কাৰ্যনিৰ্বাহক অধিবেশনৰ ২১ নন্বৰ প্ৰস্তাৱযোগে ‘জাতীয় আদৰ্শ শিক্ষা সংসদ ন্যাস’ গঠনৰ মাজেৰে প্ৰণালীবদ্ধভাৱে শিক্ষা প্ৰকল্প প্ৰস্তুত কৰিবলৈ ৰাণা বশিষ্ঠক আহ্বায়ক মনোনীত কৰি এখন উপসমিতি গঠন কৰি দিয়ে।

১ ফেব্ৰুৱাৰী, ২০১৯

ৰহা অধিবেশনৰ পূৰ্ণাংগ কাৰ্যনিৰ্বাহকৰ প্ৰস্তাৱমৰ্মে প্ৰতিনিধি সভাই জাতীয় আদৰ্শ শিক্ষা সংসদ ন্যাস গঠন আৰু পঞ্জীয়নৰ প্ৰস্তাৱত অনুমোদন জনায়।

১৪ মে, ২০১৯

জাতীয় আদৰ্শ শিক্ষা সংসদ নিধি পঞ্জীয়ন।

১৮ আগষ্ট, ২০১৯

উত্তৰ লখিমপুৰৰ নাৰায়ণপুৰৰ মাধৱদেৱ বিশ্ববিদ্যালয়ত সভাৰ ষষ্ঠ পূৰ্ণাঙ্গ কাৰ্যনিৰ্বাহক অধিৱেশনত জাতীয় শিক্ষা সংসদৰ আলোচনা কৰা হয় আৰু ৬ নং প্ৰস্তাৱ যোগে স্থায়ী সমিতি গঠনৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় ।

২৬ ছেপ্তেম্বৰ, ২০১৯

গুৱাহাটী কাৰ্যালয়ত অনুষ্ঠিত শিক্ষা সংসদৰ বৈঠকত বিশদ আলোচনা কৰা হয় আৰু তিনিখন বিদ্যালয় স্থাপনত অনুমোদন দিয়া হয় ।

১২ অক্টোবৰ, ২০১৯

গুৱাহাটী কাৰ্যালয়ত অনুষ্ঠিত কৰ্ণধাৰ সমিতিৰ সভাত জাতীয় শিক্ষা সংসদৰ আলোচনা কৰা হয় আৰু প্ৰস্তাৱ (প্ৰস্তাৱ ঞ) যোগে স্থায়ী সমিতি গঠন কৰা হয় ।

২ জানুৱাৰি, ২০২০

হোজাইত অনুষ্ঠিত কাৰ্যনিৰ্বাহক অধিৱেশনত জাতীয় শিক্ষা সংসদৰ আলোচনা কৰা হয় আৰু প্ৰস্তাৱ (প্ৰস্তাৱ ৯) যোগে শিক্ষা সংসদৰ বাজেট আদিৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় । এই সভাতে প্ৰশান্ত বিশ্ব শৰ্মা সদনৰ প্ৰথম মহলাত শিক্ষা সংসদৰ কাৰ্যালয় স্থাপনৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় ।

১ ফেব্ৰুৱাৰি, ২০২০

শুৱালকুছি অধিৱেশনত অনুষ্ঠিত কাৰ্যনিৰ্বাহক অধিৱেশনত জাতীয় শিক্ষা সংসদৰ সমিতিখনক স্থায়ী সমিতিৰ স্বীকৃতি দিয়া হয় আৰু উক্ত স্থায়ী সমিতিখন গৃহীত কৰা হয় । শুৱালকুছি অধিৱেশনৰ প্ৰতিনিধি সভায়ো এই প্ৰস্তাৱ গৃহীত কৰে ।