১। বুনিয়াদী স্তৰৰ পৰা বিশ্ববিদ্যালয় পৰ্যন্ত অসমীয়া মাধ্যমত বিদ্যালয়, মহাবিদ্যালয়, বিশ্ববিদ্যালয় স্থাপন।
২। প্ৰথম তিনি বছৰত অসমীয়া ভাষাৰ মাধমেৰে অসমীয়া, ইংৰাজী, হিন্দী ভাষা দৃশ্য-শ্ৰব্য প্ৰক্ৰিয়াৰে শিক্ষা প্ৰদান।
৩। পাহি ৰ পৰা ইংৰাজী ভাষা শিক্ষা প্ৰদান।
৪। পৰাগৰ পৰা হিন্দী ভাষা শিক্ষা প্ৰদান।
৫। মাতৃভাষাক আধাৰ কৰি লৈ ইংৰাজী, হিন্দী আৰু ধ্ৰুপদী ভাষাকো সমানেই গুৰুত্ব প্ৰদান। সংগীত, চাৰুকলা, নৃত্য, সমৰকলা, যোগ আৰু ক্ৰীড়া প্ৰশিক্ষণৰ সুব্যৱস্থা থাকিব।
৬। এই মাতৃভাষা বুলিলে আমাৰ আঠটা খিলঞ্জীয়া ভাষা, ধ্ৰুপদী ভাষা আৰু বাংলাও অন্তৰ্ভুক্ত হ’ব। মাথোঁ জনজাতীয় এলেকাত সংশ্লিষ্ট ভাষা শিকোৱা হ’ব।
৭। আধুনিক তথা প্ৰযুক্তিবিদ্যাৰ প্ৰয়োগৰ মাধ্যমেদি শিক্ষা প্ৰদানত গুৰুত্ব।
৮। ডিজিটেল ক্লাছ/ স্মাৰ্ট ক্লাছৰ ব্যৱস্থা কৰি শিক্ষাৰ সম্প্ৰসাৰণত গুৰুত্ব।
৯। কুঁহি-স্তৰৰ শিশুসকলক নিচুকণি গীত, ওমলা গীত, সাধুকথা, কাৰ্টুন আদিৰ জৰিয়তে শিক্ষা প্ৰদান।
১০। অসম বুৰঞ্জীৰ মহান ব্যক্তিসকলৰ লগত পৰ্যায়ক্ৰমে পৰিচয় কৰি দিয়াত গুৰুত্ব প্ৰদান কৰা হ’ব।
১১। অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ লোক সংস্কৃতিৰ বিষয়ে পৰ্যায়ক্ৰমে পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰা হ’ব।
১২। শিশুসকলৰ মাজত নৈতিক, মানৱীয়, শিক্ষা প্ৰদান।
১৩। বিশ্বৰ প্ৰধান প্ৰধান ধৰ্মকেইটাৰ মাজত নিহিত থকা বিশ্ব-ভাতৃত্ব, উদাৰতা, মানৱতা, গণতান্ত্ৰিক চেতনাবোধ, সাম্যবাদী ভাৱধাৰাক পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰা হ’ব যাতে আমাৰ ছাত্ৰ-ছাত্ৰীসকলে ভৱিষ্যতে এখন সুন্দৰ আদৰ্শ সমাজ নিৰ্মাণত অৰিহণা যোগাবলৈ সক্ষম হয়।
১৪। ছাত্ৰ-ছাত্ৰীসকলৰ মাজত সৰুৰে পৰাই কৰ্ম-সংস্কৃতিৰ ভাৱ জগাই তোলাৰ বাবে বিশ্বৰ উন্নত দেশ জাপান, আমেৰিকা, ইংলেণ্ড আদি দেশৰ শিক্ষা পদ্ধতিক অনুসৰণ কৰি পাঠ্যক্ৰম যুগুতোৱা হ’ব আৰু তাৰ বাবে ছাত্ৰ-ছাত্ৰীসকলক ব্যৱহাৰিক জ্ঞান দিয়া হ’ব যাতে আমাৰ ছাত্ৰ-ছাত্ৰীসকলে ভৱিষ্যতে স্বাৱলম্বী হ’ব পাৰে।
১৫। পৰিৱেশ সংৰক্ষণৰ বাবে মৌলিক শিক্ষা পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰা হ’ব। এনে অধ্যয়নে প্ৰকৃতি বিজ্ঞান (Natural Study) চৰ্চাৰ কথা মুকলি কৰি দিব।
১৬। শিশুসকলক সৰুৰে পৰাই ভাৱবাদী শিক্ষা প্ৰদানৰ পৰিৱৰ্তে বাস্তৱবাদী (Pragmatic) শিক্ষা প্ৰদানত গুৰুত্ব দিয়া হ’ব।
১৭। সমসাময়িক বিশ্ব আৰু চৌদিশৰ সমাজখনৰ লগত ছাত্ৰ-ছাত্ৰীসকলে পৰিচিত হ’ব পৰাকৈ তেওঁলোকক মৌলিক শিক্ষাৰে সু-শিক্ষিত কৰি তোলা হ’ব।
১৮। ছাত্ৰ-ছাত্ৰীৰ চৰিত্ৰ গঠনত সহায় হোৱাকৈ পাঠ্যক্ৰম যুগুতাই তোলা হ’ব।
১৯। ছাত্ৰ-ছাত্ৰীসকলৰ মনত সৰুৰে পৰাই শ্ৰম আৰু শ্ৰমৰ মৰ্যাদা সম্পৰ্কে জ্ঞান দিয়া হ’ব। এইক্ষেত্ৰত তাত্ত্বিক দিশতকৈ ব্যৱহাৰিক দিশত অধিক গুৰুত্ব দিয়া হ’ব।
২০। প্ৰথমে পঠন আৰু তাৰ পাচত লিখনত গুৰুত্ব দিয়া হ’ব।
২১। মাতৃভাষা আয়ত্ত্ব কৰাৰ পাচত শাৰীৰিক ব্যায়াম, ছবি অঁকা, সংগীত, কম্পিউটাৰ আদি শিক্ষাক পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰা হ’ব।
২২। পৰ্যায়ক্ৰমে ভূগোল, বুৰঞ্জী, সমাজ অধ্যয়ন, গণিত, বিজ্ঞান আদিৰ শিক্ষাক আগবঢ়াই নিয়া হ’ব।
২৩। জৰাজীৰ্ণ পৰিৱেশত সু-শিক্ষা প্ৰদান সম্ভৱ নহয়, প্ৰথমে বিদ্যালয়ৰ পৰিৱেশ উন্নীতকৰণত গুৰুত্ব দিয়া হ’ব।
২৪। শিশুসকলৰ মানসিকতা গঢ় দিয়াত শিশুসকল সমস্যা নহয়, সমস্যা প্ৰবীণ চামহে। A good stable adult with love and tolerance in his heart is about the best therapy a child can have, এই দৃষ্টিভঙ্গী আগত ৰাখি বিদ্যালয়সমূহত নিয়োজিত শিক্ষকসকলক প্ৰশিক্ষিত কৰি তোলাৰ বাবে শিক্ষণ প্ৰশিক্ষণৰ সময়ত গুৰুত্ব দিয়া হ’ব।
২৫। ’A child has a right & his self-determination’ এই কথা আগত ৰাখি শিশুসকলক তেওঁলোকৰ ৰুচি-অভিৰুচিৰ ওপৰত ভিত্তি কৰি তেওঁলোকক আগুৱাই নিবলৈ সকলো প্ৰচেষ্টা অব্যাহত ৰখা হ’ব।
২৬। ভাৰতৰ সংবিধানে আগবঢ়োৱা শিশুৰ অধিকাৰৰ মৌলিক দিশসমূহক বাস্তৱত ৰূপায়ণ কৰা হ’ব।
২৭। শিশুৰ মনস্তাত্ত্বিক (Psychological) দিশটোলৈ লক্ষ্য ৰাখি তেওঁলোকক গঢ় দিয়া হ’ব।
২৮। শিশুৱে পিতৃ-মাতৃ, অভিভাৱক বা জ্যেষ্ঠজনৰ জীৱনলৈ অৱদান যোগাব পাৰে।শিশুৰ অকপট নিৰ্মল হাঁহিয়ে আমাক আনন্দ যোগাব পাৰে; সেই আনন্দই আমাক অফুৰন্ত প্ৰেৰণা যোগাব পাৰে। এই দিশটোলৈ লক্ষ্য ৰাখি শিশু আৰু পিতৃ-মাতৃ, অভিভাৱকৰ মাজতত সৌহাৰ্দ্যপূৰ্ণ পৰিৱেশ সৃষ্টিত প্ৰাক্ প্ৰাথমিক পৰ্যায়ৰ পৰা গুৰুত্ব দিয়া হ’ব।
২৯। আজিৰ কৰ্মব্যস্ততাৰ মাজত শিশু এটা তুলি-তালি ডাঙৰ-দীঘল কৰি সু-শিক্ষিত কৰি গঢ়ি তোলাটো অত্যন্ত কষ্টকৰ যদিও অসাধ্য নহয়। শিশু শিক্ষাৰ এই বিশেষ দিশটোৰ প্ৰতি লক্ষ্য ৰখা হ’ব।
৩০। আমাৰ পাঠ্যক্ৰমত ন-পুৰণিৰ সমাৱেশ ঘটোৱা হ’ব।
৩১। বিশ্বৰ উন্নত দেশবিলাকৰ শিক্ষাৰ দৰে আমাৰ শিক্ষাও উন্নত মানবিশিষ্ট কৰিবৰ বাবে এক সু-সংহত, সু-সংগঠিত ৰূপ দিয়া হ’ব। তাৰ বাবে বিশ্বৰ বিভিন্ন দেশৰ পাঠ্যক্ৰমৰ লগত আলোচনা কৰি আমাৰ বিদ্যালয়ৰ পাঠ্যক্ৰম প্ৰস্তুত কৰি তোলা হ’ব।
৩২। মানদণ্ডৰ শিক্ষণ-শিকন সামগ্ৰী প্ৰয়োগ কৰি শিক্ষা প্ৰদান।