ক) জাতীয় শিক্ষা সংসদৰ নিৰ্ধাৰিত কৰ্ম আঁচনি ৰাইজৰ মাজত জনপ্ৰিয় কৰি তুলিবৰ বাবে বিষয়বস্তু সম্পৰ্কে অভিজ্ঞ ব্যক্তিক লৈ প্ৰচাৰ আৰু সংগঠন সমিতি গঠন কৰা হ’ব।
খ) বিভিন্ন চৰকাৰী (ৰাজ্যিক আৰু কেন্দ্ৰীয়) প্ৰতিষ্ঠান, বেংক-বীমা, বহুজাতিক কোম্পানীৰ অনা-অসমীয়া কৰ্মচাৰীসকলক ব্যৱহাৰিক অসমীয়া ভাষা জ্ঞান দিয়াৰ বাবে কেইজনমান অভিজ্ঞ ব্যক্তিৰ ওপৰত দায়িত্ব অৰ্পণ কৰা কৰা হ’ব।
গ) জাতীয় শিক্ষা সংসদৰ কাম-কাজ উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতিখন ৰাজ্যলৈ সম্প্ৰসাৰিত কৰিবৰ বাবে প্ৰত্যেক ৰাজ্যৰে প্ৰতিনিধি নিৰ্বাচন কৰি উত্তৰ-পূৰ্বাঞ্চলভিত্তিত এখন সমন্বয় সমিতি গঠন কৰা কৰা হ’ব।
ঘ) জাতীয় শিক্ষা সংসদে গ্ৰহণ কৰা আঁচনি ৰাইজৰ মাজলৈ নিবৰ বাবে প্ৰচাৰ পত্ৰিকা প্ৰকাশ কৰা হ’ব।
ঙ) অনা-অসমীয়াসকলৰ মাজত অসমীয়া ভাষাক জনপ্ৰিয় কৰি তোলা আৰু পদ্ধতিগতভাৱে তেওঁলোকক অসমীয়া ভাষা শিক্ষা দিবৰ বাবে দুমহীয়া বা তিনিমহীয়া বাৰ্তালোচনী এখন প্ৰকাশৰ ব্যৱস্থা কৰা হ’ব।