মূল নীতি নিৰ্ধাৰণ সমিতি

অসম সাহিত্য সভাৰ এই স্থায়ী শৈক্ষিক প্ৰকল্পৰ ধাৰাবাহিকতা যাতে কোনোপধ্যে বিঘ্নিত নহয় সেই  বাবে নিম্নলিখিত ধৰণে মূল নীতি নিৰ্ধাৰণ সমিতি গঠন কৰা হৈছে। প্ৰতিবছৰে ন্যূনতম এখন বা ততোধিক এই সমিতি বহিব।

সভাপতি – অসম সাহিত্য সভাৰ চলিত কাৰ্যকালৰ সভাপতি
উপসভাপতি – অসম সাহিত্য সভাৰ চলিত কাৰ্যকালৰ উপসভাপতি
আহ্বায়ক – অসম সাহিত্য সভাৰ চলিত কাৰ্যকালৰ প্ৰধান সম্পাদক তথা জাতীয় আদৰ্শ শিক্ষা সংসদ নিধিৰক্ষকসকল।

জাতীয় আদৰ্শ শিক্ষা সংসদ ন্যাস

কাৰ্যসূচী ৰূপায়ণৰ সমস্ত ব্যৱহাৰিক দায়িত্ব জাতীয় আদৰ্শ শিক্ষা সংসদ নিধিৰ ওপৰত ন্যস্ত থাকিব। নিধিৰ একাধিক বিশেষজ্ঞ সমিতি থাকিব।

নিধি ৰক্ষক

১। ড০ পৰমানন্দ ৰাজবংশী, অধ্যক্ষ
২। পদুম ৰাজখোৱা, উপাধ্যক্ষ
৩। ড০ জয়ন্ত বিশ্ব শৰ্মা, উপাধ্যক্ষ
৪। ৰাণা বশিষ্ঠ, সচিব
৫। নিমাই দাস, কোষাধ্যক্ষ
৬। সভাপতি, অসম সাহিত্য সভা (পদেন)
৭। প্ৰধান সম্পাদক, অসম সাহিত্য সভা (পদেন)
৭। বিষ্ণু ডেকা, উপ-সচিব (নিমন্ত্ৰিত)

নিধিৰক্ষক সালসলনি কৰিবলগীয়া হ’লে অসম সাহিত্য সভাৰ দ্বিবাৰ্ষিক অধিবেষণৰ প্ৰতিনিধি সভাত কৰ্ণধাৰ সমিতিৰ পৰামৰ্শ অনুসৰি আহ্বায়কে (প্ৰধান সম্পাদক) প্ৰস্তাৱ উত্থাপন কৰিব।