‘শিশু কানন’

জাতীয় আদৰ্শ বিদ্যালয় প্ৰকল্পৰ অধীনত ‘শিশু কানন’ এক বিশেষ অভিযান। মাতৃভাষাক আধাৰ হিচাপে লৈ ইংৰাজী-হিন্দী ভাষাসহ অব্যৱসায়িক কিন্তু কুশল পৰিচালনাৰে বিশ্বমানৰ শিশু-শিক্ষা প্ৰদান ‘শিশু কানন’ অভিযানৰ লক্ষ্য। ইয়াৰ বাবে ৩-৪, ৪-৫, ৫-৬, ৬-৭ আৰু ৭-৮ বছৰৰ শিশুৰ বাবে খেল-ধেমালীৰে পাঠদানৰ বাবে এক পাঠ্যক্ৰম যুগুতাই উলিওৱা হৈছে। ১৭খন পুথি ২০২১ চনত প্ৰকাশ কৰি উলিওৱা হৈছে। ‘শিশু কানন’ পাঠ্যক্ৰম আৰু পুথিসমূহ State Council of Educational Research and Training (SCERT), Government Of Assam Elementary Educationৰ অনুমোদন কাৰণে দিয়া হ’ব। SCERTৰ সহযোগত শিক্ষক-শিক্ষয়ত্ৰীৰ প্ৰশিক্ষণৰ কাৰ্যক্ৰম আৰম্ভ কৰা হ’ব।

ইতিমধ্যে ২০খনৰো অধিক শিশু বিদ্যালয় আৰম্ভ কৰা হৈছে। ইয়াৰ পিছত ২০২২ চনৰ পৰা ৰাজ্যজুৰি ‘শিশু কানন’ নামেৰে (Kidzee ইত্যাদি ইংৰাজী মাধ্যমৰ ব্যয়বহুল ব্যৱসায়িক ব্যক্তিগত খণ্ডৰ বিকল্প হিচাপে) এলানি প্ৰাক-প্ৰথমিক শিশু বিদ্যালয় স্থাপন প্ৰক্ৰিয়া আৰম্ভ কৰা হ’ব। শাখা সাহিত্য সভাসমূহ আৰু আন শৈক্ষিক প্ৰতিষ্ঠানৰ লগতে ব্যক্তিগত উদ্যোগীয়ে এই বিদ্যালয়সমূহ স্থাপনত আগ-ভাগ ল’ব বুলি আশা কৰা হৈছে।

মাতৃভাষাক আধাৰ হিচাপে লৈ ইংৰাজী-হিন্দী ভাষাসহ অব্যৱসায়িক কিন্তু কুশল পৰিচালনাৰে বিশ্বমানৰ শিশু-শিক্ষা প্ৰদান ‘শিশু কানন’ৰ লক্ষ্য।

পুথিসমূহৰ প্ৰস্তুতি আৰু প্ৰকাশ নিম্নোক্ত ধনৰাশি ইতিমধ্যে খৰছ হৈছে।

১) ছপাশাল – 11,435,00 (১১,৪৩৫,০০) টকা, ২) ডিজাইন আৰু টাইপ চেটিং – 1,296,00 (১,২৯৬,০০) টকা, ৩) আৰ্টিষ্ট – 80,000 (৮০,০০০) এইকেইটা শিতামত মুঠ – 13,353,100 (১৩,৩৫৩,১০০) টকা খৰছ হৈছে। ইয়াৰে একাংশ ধন পৰিশোধ কৰিবলৈ বাকী আছে।

পুথিকেইখনৰ প্ৰকাশ Alliance for Community Capacity Building Northeast India (Registered Charity 1106666, Charity Commission, England and Wales) গ্ৰহণ কৰিছে। পুথিসমূহৰ মূল্য ৰেহাই হাৰত নিৰ্ধাৰণ কৰা হোৱা বাবে প্ৰস্তুতি আৰু ছপাশালৰ খৰছৰ বুজন অংশ প্ৰকাশকৰ অনুদানৰ ৰূপত থাকিব। পুথিসমূহৰ বিক্ৰীৰ পৰা লাভ সংগ্ৰহ কৰা নহ’ব।

আমাৰ সহযোগী প্ৰকাশক দাতব্য সংস্থাটোৱে ৰাইজৰ পৰা দান-বৰঙণীৰ ৰূপত কিছু ধনৰাশি সংগ্ৰহ কৰিবলৈ Support Kids Learning in Mother Tongue যোগেৰে প্ৰচেষ্টা চলাই আছে। আপুনিও ইয়াত বৰঙণী যোগাব পাৰে।